আজিৰ চন্দ্ৰযান ৩ লাইভ আপডেট:
চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বত চন্দ্ৰযান ৩ মিছনৰ লেণ্ডাৰ মডিউলে চন্দ্ৰত ঘূৰি আছে। ইছৰ’ই টুইট কৰি কয় যে চন্দ্ৰযান-৩ৰ দ্বিতীয় আৰু অন্তিম ডিবুষ্টিং মেনুৱেৰ সফলতাৰে সম্পন্ন হৈছে আৰু এতিয়া মাত্ৰ ২৩ আগষ্টলৈ অপেক্ষা । ভাৰতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ৩ ভালকৈ নমাই ইতিহাস সৃষ্টি কৰিব আৰু বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব। এতিয়ালৈকে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰপৃষ্ঠত ভালকৈ নামিব পাৰিছে
চন্দ্ৰত এটা দিন মানে পৃথিৱীত ১৪ দিনৰ সমান। সেইকাৰণেই চন্দ্ৰযান ৩ মিছনে ১৪ দিন চন্দ্ৰপৃষ্ঠৰ ওপৰত গৱেষণা কৰিব। ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লগে লগে বিক্ৰমে নামিবলৈ আৰম্ভ কৰিব।